আগকথা
দহ বছৰৰ আগৰ কথা, “কামৰুপ” আৰু “কুণ্ডিল কুঁৱৰী” নাট দুখন,—আগৰখন অমিত্ৰচ্ছন্দত আৰু পিছৰখন গদ্যত,— একেহাতে লিখিবলৈ লওঁ। তাৰ পিছতে, “কাম-ভস্ম” “অকাল বসন্ত” বুলি সুকীয়া নামেৰে ইয়াৰ দুটি অঙ্ক “বাহীত” আৰু “কুণ্ডিল কুঁৱৰীৰ” প্ৰথম অঙ্ক “আসাম হিতৈষীত’’ ওলায়। ইও আঠ বছৰ মানৰ আগৰ কথা৷
মেটাৰলিঙ্কৰ “ব্লু বাৰ্ড” আদি নাটকৰ অনুসৰণত তেতিয়া অসমীয়াত সম্ভৱ পোনেই এই নাটকৰ “অকাল বসন্ত’’ই ছপা হৈ ওলাইছিল; কিন্তু ইয়াৰ ভিতৰতে এই ৰীতিৰ দুই এখনি নাট ৰচা আৰু ছপা হোৱা দেখা গৈছে। তথাপি সেই সময়ত ই এই বিষয়ৰ প্ৰথম চেষ্টা আছিল, এই আশ্বাসকে লৈ বহুত দিনৰ মূৰত নতুন আগ্ৰহেৰে নাটখনি ৰাইজৰ আগলৈ উলিৱা হল৷
"God approves the depth, not the tumult of the soul” হৰগৌৰী পৰিণয়ৰ আগৰ কাম-চেষ্টা “tumult.” গতিকে সি অৱশ্যে বিফল। মদন-ভষ্ম সেই দুশ্চেষ্টাৰে কাঠ- সংস্কাৰ মাত্ৰ। তাৰ পিছত আহিছে “depth.” হৰ গৌৰী- বসতিত কামৰ স্বৰূপ জন্ম। এয়ে হল কাম-ৰূপ!!
পুৰাণৰ সাধুটো অন্ততঃ মই এইদৰেই বুজিছোঁ আৰু এই নাটকত এনেকৈয়ে ব্যাখ্যা কৰিবলৈ যত্ন কৰিছোঁ৷ এই বিচাৰত যদি মই ভুল কৰা নাই, তেনেহলেই মোৰ যত্ন সফল বুলি মানিম।
শ্ৰীডিম্বেশ্বৰ নেওগ
যোৰহাট | |
১ শাওন, ১৮৫৫ |