পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অফ-২য় দৃশ্য। সাধনৰ সহ অংশই। আৰু চোৱা, চোৰাঙ, কৰাৰ দৰেই কাৰ্যৰ বাবে যদি মােৰ নাই অধিকাৰ; আনফালে, দেৱতাৰ যিটি কাৰ্য্য মােৰ বাবে সদ। হই ৰব চিৰ-অসাধিত, তাকেই বা অৱহেলা কৰে। কি সাহেৰে? সচাকৈয়ে ই কাৰ্য্যৰপৰা, মঙ্গলত বিনে মই। অমঙ্গল দেখা নাই কাৰাে। পােনতেই, দেৱতাৰ ভাগ্য সূৰ্য্য উদিলে পুনৰ আকাশত ভাৰফৰ জেউতি-কণিকা নুমাৰ আপুনি ; ইন্দ্ৰ বৃহস্পতি আদি দেৱতাই পাৰে মানে আশিষিব মােক। তদুপৰি, পৃথিবীৰ দিগন্ত বিজয়ী পুশলা হিমাদ্রি-দুহিতা শৈলজাৰ হয় যদি হৰৰে মিলন, আশিষৰ সীমা কি থাকিব? ভক্তিমতী যােগ্য পাত্রী লতি, হৰে বিতৰি কামক প্রসাদ। কিনো আসোঁৱাহ তেনে থাকে ই কাৰ্য্যত ? ৰতি--এনে সুশৃষলভাৱে হলে সকলােটি নাই কোনো ভয়ৰ কাৰণ। কিন্তু নাথ। শিশিৰতে বসন্তৰ আগমন যেনে। স্বাভাবিক নালাগে মনত, পৰিণয় আগতেই হৰপাৰ্বতৰ কামভাব উদ্রেক কাও তেনে নহয় সহ।