খুন্দিয়ালা আহি কিয় হৃদি-মন্দিৰৰ
বন্ধা দুৱাৰত মোৰ ইমান পুৱাতে?
বসন্ত—এতিয়াও পুৱা হোৱা নাই; কিন্তু, মোৰ
প্ৰেয়সী মাধৱি!! সময়াসময় জ্ঞান
হেৰুৱাই মই, তোমাৰ দ্বাৰত আজি
থিত দিছোঁ প্ৰণয়ৰ পথিক বেশেৰে
পিয়াহত ছাটিফুটিকই; নিয়া যদি
মেলি সেই হৃদয়ৰ বন্ধন দুৱাৰ!—
মাধৱী—সঁচাই এতিয়া যদি পুৱা হোৱা নাই,
গুপুত তোমাৰ এই প্ৰিয় সমাগম,
শতেক বৰেণ্য তেনে অভিসাৰিকাৰ
আজি এই গোপন দুৱাৰ। বাধা দিয়া
বিৰিখৰ ফলেইহে অতি সুমধুৰ!
কিন্তু প্ৰিয়! নেমেৰাবা বাক্যৰ জালেৰে;
কোৱাঁ অকম্মাতে কিয় দিলা দৰিশন?
বসন্ত—শুনা মোৰ মধুৰ মাধৱি! প্ৰিয় সখা
কন্দৰ্পৰ ইচ্ছা অনুসাৰে, আমি গই,
মহেশৰ আশ্ৰমত পাতি দিব লাগে
সৌন্দৰ্য্যৰ নতুন পোহাৰ; প্ৰকৃতিৰ
প্ৰাণে প্ৰাণে লাগিব তুলিব মাধুৰীৰ
সুচঞ্চল কোমল লহৰী; অভিনৱ
পুষ্পশৰ কৰি দিব লাগিব শাণিত।
হব লাগে তাত এনে উন্মাদ বিপুল,
হয় যেন হৰগৌৰীমিলন-আকুল।
পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/১৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কামৰূপ
[প্ৰথম অঙ্ক—৩য় দৃশ্য
১৫