নাৰদ—দেখুৱাই দিওঁ যদি উপযুক্ত বৰ,
কৰিবা নে তুমি তাৰ যুগুত বিধান?
হিম—তদুপৰি, বান্ধখাই ৰম চিৰকাল
দেবঋষি নাৰদৰ চেনেহপাশত।
নাৰদ—নাভাবানে শঙ্কৰেই তোমাৰ কন্যাৰ
উপযুক্ত পাত্ৰ অতি, সৱাৰে মাজত?
হিম—উপযুক্ত পাত্ৰ সঁচা। পিছে, হে দেৱৰ্ষি!
কোন সাহে আগ বাঢ়োঁ এনে প্ৰস্তাৱেৰে?
নাৰদ—মোৰ উপদেশ তেন্তে লোৱা, গিৰিৰাজ!
ডাঙৰ ঠেলাত, সৰু হই সৰকাই
জ্ঞানীৰ ধৰম। শঙ্কৰৰ অনুৰক্তা
তোমাৰ কন্যাক, আশ্ৰম-সেৱিকা ৰূপে
নোৱাৰিবা স্থান জানো দিব সহজতে?
হিম—শুনিছোঁ, শঙ্কৰ বোলে বহিছে যোগত;
ৰাখিব এতিয়া জানো মোৰ তনয়াক
আশ্ৰম সেৱিকা ৰূপে মহেশে কাষত?
নাৰদ—মানি লোৱা কথা মোৰ; ৰাখিব শঙ্কৰে।
হিম—নমৰে সন্দেহ, প্ৰভু! আশ্ৰম-সেৱিকা
হলে বা কিণে হয় উমাৰ বিবাহ?
নাৰদ—ভাৰ্য্যা নাই শঙ্কৰৰ পাৰ্ব্বতী বিহনে।
শুনা তেন্তে পূৰ্ব্বকথা; এৱেঁ দক্ষ-সুতা,
সতী নামে সিটো জনমত, স্বামী হেতু
কৰিছিল জীৱন উছৰ্গা। পুণ্য বলে
পুনু তেওঁ পাৰ স্বামী হৰক নিশ্চয়।