হিম—কি কোৱাঁ, মেনকা, তুমি? সহস্ৰ অধিক
মোৰ পুত্ৰ আৰু কন্যাৰ মাজত যিটি
জীৱন-প্ৰদীপ ৰূপ মোৰ, সেইটিক
নাপালে উচিত বৰ, দিওঁ কোন সতে?
বিচাৰিলে ত্ৰিভুবন তন্ন তন্ন কৰি
পাওঁ পাত্ৰ কৰবাত দুজন এজন;
তাকো বাৰু, চোৱাঁ ভাবি, হঠাতেই গই
কোন সাহে দিওঁ যাচি ই হেন ৰতন?
মেনকা—বুজা নাই জানো সিটো মই? ইফালেও
এনেতে দূত সোমাই আহি সেৱা জনায়।
দূত—মহাৰাজ। দুৱাৰত দেৱৰ্ষি নাৰদে
নিবেদিছে আপোনাৰ সাক্ষাৎ অচিৰে।
হিম—জনাগই মহৰ্ষিক ৰজাৰ বিনয়।
দূত ওলাই যোৱাত নাৰদ সোমাই আহে৷ হিমালয়
আৰু মেনকা দুয়ো ঠিয়হৈ আসন দিয়ে।
প্ৰণমো চৰণ, ঋষিৰাজ! জানো দয়া কৰি
কিবা শুভ উদ্দেশেৰে আজি হঠাতেই
পদাৰ্পণ কৰিলেহি পৰ্ণ কুটিৰত।
নাৰদ—মহাৰাজ, আছে মোৰ উদ্দেশ্য মহান।
শুনিছোঁ, তোমাৰ আছে পাৰ্ব্বতী নামেৰে
ৰূপে-গুণে দিব্য কন্যা এটী; তেওঁলৈকে
যোগ্য পাত্ৰ পোৱা নাই তিনিও লোকত?
হিম—শুনিছে আপুনি তেন্তে সত্য কাহিনীকে।
পৃষ্ঠা:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu/১৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কামৰূপ
[প্ৰথম অঙ্ক—২য় দৃশ্য
১১