এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
কামিনীকান্তৰ চৰিত্ৰ
কৰি মনুষ্যৰ দেহ ধাৰণ কৰিলে, আৰু তোমাৰ নিমিত্তে তাড়না পালে আৰু নিন্দনীয় হৈ অসহনীয় যাতনা ভোগ কৰিলে, অৱশেষত শত্ৰুৰ হাতত প্ৰাণ পৰিত্যাগ কৰি পেৰেঙ্গনীৰ ওপৰত অপমানেৰে মৃত্যু ভোগ কৰিলে, সেই তোমাৰ একমাত্ৰ বন্ধু, সকলো সময়ৰ সহায়, য়ীশু খ্ৰীষ্টই মধুৰ স্বৰে তোমাক মাতিছে; “হে শ্ৰম কৰা আৰু ভাৰত দুঃখ পোৱা লোক সকল মোৰ ওচৰলৈ আহাঁ, ময় তোমালোকক জিৰণি দিম”। পাঠক, পাঠীকা সকল, আমাৰ সকলৰ একমাত্ৰ নিবেদন এই, কোনো কাৰণত এই নিমন্ত্ৰণ অৱহেলা নকৰিবা। সকলো অভাও দূৰ হব, ইহকালত আৰু পৰকালতো সুখী হবা।
খ্ৰীষ্ট পৰমাৰ্থিক সূৰ্য্য
The Sun of Righteousness
সৰ্ব্বলোকে দেখা
পুৱাইছে কাল নিশা,
য়ীশুৰ আগমনত পুৱাই ঘোৰ নিশা।
খ্ৰীষ্টৰ যি আগমন,
গুচুৱাই অন্ধকাৰ
উল্লাসিত হয় সকল এই মৰ্ত্ত্য ভূবন।
আদিৰ মান দেৱতাৰ,
আৰু ঘোৰ অন্ধকাৰ,
পৰমাৰ্থিক সূৰ্য্যৰ তাপে হয় চাৰখাৰ।