পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
কানীয়াৰ কীৰ্ত্তন

জীৱটিৰ অসজ গতি হয়। খাটনিয়াৰ আতৈ! এতিয়া অলপ আঁতৰা যাওক, এওঁলোকক গুৰু-বাইকখিনি শুনাওঁহক।

 (খাটনিয়াৰৰ প্ৰস্থান)

 পদ্ম। তোমালোক এতিয়া দণ্ডৱতে পৰাঁ। (সিহঁত দীঘল হৈ পৰিলত, সিহঁতৰ ফাললৈ গা হ-লাই কাণৰ গুৰিলৈ মুখ নি অলপ পৰৰ পাচত আকৌ পোন হৈ) এইখিনি গুৰু-বাইক, ইয়াক মনত ৰাখিবা, আৰু নিতৌ ৰাতিপুৱা গা ধুই গুৰু-বাইক-খিনি সুমৰি গুৰু-সেৱা কৰিবা, তাকে নকৰাকৈ এটুপি পানীকো নে খাবা। নৰিয়া হলেও উঠিব-লৰিবলৈ শকতি থাকে মানে ৰাতিপুৰা গা-টি ধুবা, আৰু গুৰুসেৱা-খিনি কৰিবা, তাকে কৰিহে অষধকে খাবা। এই ৰূপে নাচৰিলে এই জনমত দুখ, পৰ জনমতো জীৱটিৰ অসজ গতি হয়। আৰু গুৰুজনে বুলিছন্ত "হৰি ৰাম, হৰি ৰাম, এই মূল মন্ত্ৰ। কলিত নাহী তপ, জপ, যইগোঁযন্ত্ৰ" আৰু "অইন দেৱী-দেউ, নকৰিবা সেউ, গৃহকো ন যাইবা, পৰ্সাদ ন খাইবা, ভকতি হুব বিভিচাৰ।" হৰিৰ নামৰ বাহিৰে আন একো ধৰ্ম্ম নাই। অইন দেৱী-দেউক পূজিলে জীৱটি নৰকী হয়, কেতিয়াও উধাৰ নে পায়। গুৰু-জনে আৰু কহিছন্ত, "প্ৰতিমাত কৰে দেৱতা বুধি, তীৰ্থ বুলি কৰে জলত শুধি, বৈষ্টৱত নাই ইসব বুধি।" এতেকে কোনো দেউ-দেৱীৰ