পৃষ্ঠা:কাণখোৱা.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮ )

এক গ্ৰাস খাইলে,  আউৰ গ্ৰাস নাটে,
 যাওঁ এধাপেটী উঠি॥
গৰু আগুড়ন্তে,  ধাতু যায় মোৰ,
 কণ্টক বনৰ সান্ধি।
চৌপৰ দিনতো,  লবড়িয়া ফুৰোঁ,
 নটুবা টনাক পিন্ধি॥
কুটুকুৰা চুলি,  পড়ে গৰু ধূলি,
 কুকুহা পড়িয়া যাই।
গোটাগুটি কৰি,  জটা বান্ধি কেশে,
 তৈলে মাথা দেখা নই॥
কথক কহন্তে,  ক্ৰন্দন আসয়,
 যত অপমান পাঁও।
যেবে হঁও মই,  সি বাপৰ পুত্ৰ,
 তোক তেবে কন্দুঁৱাও॥
কংস মমা মোৰ,  সাৰথি আছয়,
 আপুনি নিব মতাই।