পৃষ্ঠা:কাণখোৱা.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৩)

আবে তুমি মোক,  বিগুটিয়া মাতা,
 কলীয়া কলীয়া বুলি॥
মোহিনী স্বৰূপে,  সাগৰ মথিলোঁ,
 আসিল লক্ষী বঝাই।
ব্ৰহ্মাদিক ত্যজি,  মোক ভজিলেক,
 হৃদয়ত দিলাঁ ঠাঁই॥
হেন লক্ষ্মী-পতি,  আসি তজু ঘৰে,
 কালগুণি আছোঁ ৰই।
ধান্য মুষ্টি দিয়া,  ফল কিনি খাঁও,
 তাহাত মৰিলি দেই॥
তাত অনন্তৰে,  ধন্বন্তৰী ৰূপে,
 অমৃতৰ ঘট ধৰি।
সাগৰৰ হন্তে,  বাঝ ভৈলোঁ মই,
 জগত প্ৰখ্যাত কৰি॥
মোহিনী স্বৰূপে,  অমৃত পিয়াইলোঁ,
 সাধিলোঁ দেবৰ কাম।