পৃষ্ঠা:কাণখোৱা.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১১ )

তোৰ ঘৰে আসি,  গৰু চাৰি ফুৰে,
 কৰকৰা ভাত খায়॥
নাৰায়ণ ৰূপে,  অনন্ত শয্যাত,
 জলত কৰি শয়ন।
নাভি-পদ্ম হন্তে,  ব্ৰহ্মা উপজাইলাঁ,
 স্ৰজিলোঁ তিনি ভুবন॥
দেবক পঢ়াইলোঁ,  তত্ত্বজ্ঞান কৈলোঁ
 অজ্ঞান কৰিলোঁ দূৰ।
তোহোৰ ঘৰত,  যতেক ঐশ্বৰ্য্য,
 সবে ভৈল মসিমুৰ॥
হংসৰূপে মই,  স্বৰ্গক কম্পাইলোঁ,
 ব্ৰহ্মাৰ সভাত ৰৈলোঁ।
মুনি সমস্তৰ,  সংশয় ছেদিলোঁ
 আত্মতত্ত্বজ্ঞান কৈলোঁ॥
শুনি সিদ্ধ সবে,  সাদৰিলে মোক,
 প্ৰণমিলা সৃষ্টিকৰে।