পৃষ্ঠা:কাণখোৱা.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১০ )

দুৰ্ষশ কলঙ্ক, দুঃখ সুমৰন্তে,
 নসহে মােৰ পৰাণ॥
মই নাৰায়ণ, জগত কাৰণ,
 তুমি গোবালৰ ঝীৰ।
তথাপি তােমাক,  দেখন্তে ডৰত,
 উড়ি যায় মােৰ জীৱ॥
যত খাওঁ দাওঁ,  তভাে শুকাই যাও
 নাহি মােৰ উদগতি।
হাত মুষ্টি যেন,  কঙ্কালী খানী যে,
 বান্ধত চিঙ্গিল অতি ।।
নিজৰূপে মই,  অনন্ত ব্রহ্মাণ্ড,
 স্ৰজিয়াছোঁ লীলা কৰি।
সমস্তে জগত, প্রতিপাল কৰি,
 আত্মৰূপে আছোঁ ধৰি॥
ব্রহ্মা আদি কৰি,  যত চৰাচৰ,
 মোকে সেৱা কৰি যায়।