পৃষ্ঠা:কাণখোৱা.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৭ )

কাণখোৱা নামে,  বীৰ গোট আছে,
 আজি তযু মুখে শুনু॥
আসিয়া ইবাৰ, কৃষ্ণ অবতাৰ,
 হুয়া আছোঁ তযু ঘৰে।
কাণখোৱা নাম,  শুনি মোৰ গাৱ,
 তবতৰি কাম্পে ডৰে॥
সুমটিৰ ছলে, নিচুকিয়া মই,
 চক্ষু মেলি থাকোঁ চাই।
কেনেকুৱা গোটে,  কাণ খাই ফুৰে,
 চিনায়োক মোক আই॥
কৃষ্ণৰ বচন,  শুনিয়া যশোদা,
 ভয় হুয়া ৰহি আছে।
একোৱে উত্তৰ,  দিবাক নপাৰি,
 হাসি মাতিলন্ত পাছে।
মিছা সে বুলিয়া,  মুখে স্তন দিয়া,
 কৃষ্ণক সাবটী ধৰি।