পৃষ্ঠা:কাণখোৱা.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৫ )

সিয়োকালে মই,  লাগ ন পাইলোহোঁ,
 কাণখোৱা কাক বোলে॥
বামন স্বৰূপে,  দেবকাৰ্য্য সাধি,
 বলীক ছলিবে গৈলোঁ।
দান লওঁ বুলি,  তিনি পদ ভূমি,
 ত্ৰৈলোক্য যুড়িয়া লৈলোঁ॥
উপায় কৰিয়া,  বলীক ছলিয়া,
 পাঠাইলোঁ পাছে পাতালে।
কাণখোৱা নামে,  বীৰ গোট আছে,
 নুশুনিলোঁ সিয়ো কালে॥
পশু ৰাম ৰূপে,  তিন সাত বাৰ,
 পৃথিবী পৰ্য্যটী কুৰি।
ক্ষত্ৰিয়ক কাটি,  নিক্ষত্ৰিয় কৈলোঁ,
 হাতত কুঠাৰ ধৰি॥
ক্ষত্ৰিয়ৰ নাম,  নথৈলোঁ সংগ্ৰাম,
 কাটিলোঁ পেটৰ ছৱা।