পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কলমৰ উৎপত্তি৷

(১)
কৈলাশ শিখৰে কলমৰ উৎপত্তি৷
মনুষ্যক লই নমাইলা মাৱ সৰস্বতী৷৷
খঞ্জল ভুজঙ্গ যেই অঙ্গজ সমান৷
বিপৰীত দেখোঁ তাৰ জিহ্বা দুই খান৷৷
চলিব নোৱাৰে সি নাহি তাৰ বল৷
পৰহস্তে থাকি সিটো মাৰে বজ্ৰসৰ৷
কালি দেৱালিত থাকি দেখোঁ ছায়া মায়া৷
বিপৰীত দেখোঁ তাৰ অদ্ভুত কায়া৷৷
ৰাজ সমাজত থাকি যিটো কৰ্ম্ম কৰে৷
সি কাৰণে কলম ভৈলা কৰ্ণৰ উপৰে৷

(২)
কৰ্ণোপৰে বসতি সদায় হয় তাৰ৷
ভাল-মন্দ সবাকাৰ কৰয় বিচাৰ৷৷
বিচাৰ কৰিয়া কিন্তু বহে মৌন খালি৷
পুৰস্কাৰৰ মধ্যে তাৰ মুখে দিয়ে কালি৷

(৩)
নােহে সৰ্পৰাজ গৰ্ত্তত শয়ন৷
সঘনে চলে দক্ষিণে গমন৷৷