পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কলিতা জাতিৰ ইতিবৃত্ত

প্ৰথম অধ্যায়

ঐতিহ্য আৰু বুৰঞ্জীত

 বেলেগ ঠাইত, বেলেগ সময়ত, বেলেগ মানুহৰ মুখত

উচ্চাৰণ ভেদে কলিতা শব্দৰ নানান ৰূপান্তৰ হৈছে; যেনে —কলিতা, কোলিতা, কুলিতা, কোলতা, কোল্‌তা, কুলতা, কলতা। অসম দেশৰ উজনী অঞ্চলত ঘাইকৈ কলিতা ৰূপ আৰু নামনি অঞ্চলত ঘাইকৈ কোলতা, কল্তা ৰূপ ব্যবহৃত হয়৷ নামনি অসমত লিখা দৈত্যাৰি ঠাকুৰৰ গুৰু-চৰিতত কোলতা ৰূপ আছে—

“কৈৱৰ্ত্ত কোলতা কোচ ব্ৰাহ্মণ সমস্ত।
একেলগে খাই দুধ চিড়া কল যত”॥

 উজনী অঞ্চলত লিখা কথা গুৰু-চৰিত আৰু বুৰঞ্জীত কলিতা ৰূপ আছে। বৰ্ত্তমান উৰিষ্যা প্ৰদেশৰ অন্তৰ্গত সম্বলপুৰ, বোনাইগৰ, আদি ঠাইৰ কলিতা সকলৰ মাজত কোলিতা, কোল্‌তা, কুল্তা, কুলিতা ৰূপ ব্যবহৃত হয়। কলিতা শব্দৰ বেলেগ বেলেগ ৰূপৰ বিষয় তলত আলোচনা কৰা হৈছে॥১॥ ( ছেদ ৩৭ )।

কলিতা শব্দৰ ৰূপভেদ