পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
পুৰাণ আৰু তন্ত্ৰত

নীলাম্বৰ ৰজা হয়৷ খৃঃ ১৪৯৮ শকত গৌৰৰ সেনাপভি হুচেন শাহে নীলান্বৰৰ ৰাজ্য আক্ৰমণ কৰে আৰু কৌশলেৰে নীলাম্বৰক লোহাৰ পিঁজৰাত ভৰাই গৌৰলৈ নিয়াবৰ হুকুম দিলে। বাটত যাওঁতে কোনেবাকৈ নীলাম্বৰ পিঁজৰাৰ পৰা ওলাই ক’ৰবালৈ পলাল। তেওঁৰ বিষয় আৰু ইতিহাসে কোনো কথা নুশুনিলে৷ তেওঁ পলাইছে হে, মৰা নাই— এই বিশ্বাসৰ পৰা তেওঁ আকৌ আহি এদিন ৰাজপাটত বহিব বুলি লৌকিক আশা এটি কালৰ সোঁতত বাগৰি অহা স্বাভাবিক। যোগিনীতন্ত্ৰ ষোল্ল শতাব্দী বা তাৰ পিছৰ গ্ৰন্থ আৰু তাত কোঁচবংশী ৰজাৰ প্ৰভাব পৰিছে। তেওঁলোকৰ মনঃতুষ্টিৰ বাবে যুগে যুগে তেওঁলোকৰ পূৰ্ব্ব- পুৰুষৰ আবিৰ্ভাব হোৱাৰ কথা আৰোপ কৰা হয়।

 বুৰঞ্জীত নীলধ্বজ আদি কামতাৰ ৰজা তিনিজনক খেন-বংশী বুলি কোৱা হয়। ‘খেন’ এটি আচহুৱা শব্দ। বুৰঞ্জীত শব্দটোৰ অৰ্থ দিয়া হোৱা নাই। “খেন’ অনাৰ্য্য অষ্ট্ৰীক ভাষাৰ শব্দ, ইয়াৰ অৰ্থ ‘শিশু’ ‘ছ’লি’ আৰু “খেন- ৰেই” মানে ‘মাউৰা শিশু’; নীলধ্বজৰ সৰুতে নিঠৰুৱা অবস্থাক লক্ষ্য কৰি তেওঁক হয় তো খেন-ৰেই বোলা হৈছিল। লৌকিক ভাষাত খেন-ৰেই =খেন ৰায় = খেন-ৰাজ হব পাৰে৷ আহোম বুবঞ্জীতো ৰত্নধ্বজ সিংহক ল’ৰা বোলা হয়।

 খেন ৰজাৰ নাম বা বংশ অনুসাৰে জনাজাত হোৱা