পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
কলিতা জাতিৰ ইতিবৃত্ত

ৰাটো পানীত উটি ফুৰিব ধৰিলে। নাগৰজাই পেটেৰাটো পাই পানীত ৰক্ষা কৰি ফুৰিব ধৰিলে। নৈৰ পৰা গৈ পেটেৰা সাগৰত পৰিল। নাগৰজাই পেটেৰাটো নি সিংহলৰ ভিক্ষু অনুত্তৰক দিলে। ভিক্ষুৱেও নি পেটেৰাটো ৰজা দুখ- গামিনীক ( খৃঃ পূঃ ১৬৭—১৩৭ ) সোধালে৷ ৰজাই তেতিয়া মহা সমাৰোহেৰে পেটেৰাৰ অস্থি সিংহলৰ মহাস্তূপত সমাধিস্থ কৰালে॥ ২৬॥

 Cunningham : Ancient Geography of India. pp. 483-485 )

 ঐতিহাসিকসকলে এই অলৌকিক ঘটনাত বিশ্বাস নকৰে। খৃষ্টীয় ৫ম শতাব্দীত ফা-হিয়ানে ভাৰত-ভ্ৰমণ কৰোতে ৰামগ্ৰামলৈ যায়। তেওঁ স্তূপটো স্বাভাবিক অবস্থাত দেখে। ওচৰত কোনো নৈ নাই, এটি পুখুৰী আছিল৷ তেওঁও কয় পুখুৰীত এটি নাগ আছিল আৰু নাগে সৰ্ব্বদাই পহৰা দি থাকে। সপ্তম শতাব্দীত হিউৱেন- চাঙেও ৰামগ্ৰামলৈ যায়। তেওঁও স্বাভাৱিক অবস্থাতে স্তূপটো দেখে। ওচৰত পুখুৰী এটি আছিল, তাত নাগবোৰে বাস কৰিছিল। নাগবোৰে দিনত মানুহৰ মূৰ্ত্তি ধৰি স্তূপত সেৱা-সন্মান কৰি পহৰা দি থাকে। দুয়ো পৰিব্ৰাজকে মহাৰাজ অশোকে অস্থি সংগ্ৰহ কৰিবৰ চেষ্টা কৰিছিল বুলি কয় কিন্তু নাগৰজাৰ ওজৰ আপত্তিৰ বাবে নোৱাৰিলে। ফা-হিয়ানৰ পৰ্য্যটনৰ সময়ত ৰামগ্ৰামৰ ভগ্নাবস্থা। মানুহ নাই