পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
বৌদ্ধ জাতকক


ভাৰ পাইছিল সেইবোৰ বৌদ্ধ-ইতিহাসত পাহৰিব নোৱাৰা

জাতিৰ ভিতৰত গণ্য হ’ল। আৰু এটি ঘটনাই কোলিয়সকলক বিশিষ্ট কৰি তোলে। ভগবান বুদ্ধৰ মহাপৰিনিৰ্ব্বাণৰ কেইবছৰমান পিছত মগধৰ ৰজা অজাতশত্ৰুৱে ওপৰত উল্লেখ কৰা আঠোটাৰ ভিতৰত সাতোটা স্তূপৰ অস্থি লগ-লগাই মগধৰ ৰাজধানী ৰাজগৃহত এটি ডাঙৰ স্তূপ নিৰ্ম্মাণ কৰাই তাত সমাধিস্থ কৰালে। কিন্তু ৰামগ্ৰামৰ কোলিয়সকলৰ স্তূপৰ অস্থি তেওঁ সংগ্ৰহ কৰিব নোৱাৰিলে।

 ৰাজাধিৰাজ অশোকে যেতিয়া বৌদ্ধধৰ্ম্মৰ বহুল প্ৰচাৰ আৰম্ভ কৰে, তেৱোঁ ৰামগ্ৰামৰ অস্থি সংগ্ৰহ কৰিবলৈ যত্ন কৰে, কিন্তু তেৱোঁ কৃতকাৰ্য্য নহল। অশোকে ৰাজগৃহত সমাধিস্থ থকা অস্থিবোৰকেই এদিনতেই ভাৰতবৰ্ষৰ নানা ঠাইত নিৰ্ম্মাণ কৰা আঠ হেজাৰ চাৰি শ স্তূপত ৰখাবলৈ বিলায় দিয়ে॥২৫॥

 বৌদ্ধ ইতিহাস, ফা-হিয়ান আৰু হিউৱেন-চাঙৰ ভ্ৰমণ- কাহিনীত আছে (চীনা পৰিব্ৰাজক দুজনে ৰামগ্ৰামলৈ গৈছিল ) যে ৰামগ্ৰামৰ অস্থিস্তূপত নাগ এটিয়ে সৰ্বদাই পহৰা দি থাকে। আৰু তাৰ ওচৰলৈ কোনেও যাব নোৱাৰে। ৰামগ্ৰামৰ অস্থিৰ বিষয়ে সিংহলৰ প্ৰসিদ্ধ বৌদ্ধগ্ৰন্থ মহাবংশত এটি অলৌকিক উপাখ্যান আছে। মহাবংশ- মতে ৰামগ্ৰাম গঙ্গানৈৰ তীৰত আছিল আৰু নৈৰ সোঁতে স্তূপ খহাই নিয়াত যি পেটেৰাত অস্থি আছিল, সেই পেটে-

কোলিয়ৰ ভাগৰ অস্থিৰ সুকীয়া ব্যবস্থা