পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঐতিহ্য আৰু বুৰঞ্জী

ৰজা৷ তেওঁৰ ৰাজত্ব আৰম্ভ হয় খৃঃ ৮০০ শতাব্দীৰ পৰা। তেওঁ অসম জয় কৰিবলৈ অহা নাছিল। পালবংশৰ তৃতীয় ৰজা দেবপালৰ সেনাপতি লাউসেন বা লৱসেনে অসম জয় কৰে খৃঃ নবম শতাব্দীত। সেই বংশৰেই ৰামপাল (খৃঃ ১০৮৪--১১৩০ ) নামে প্ৰতাপী ৰজাৰ পুত্ৰ কুমাৰ পাল ৰজাই পুৰণি কামৰূপ বা অসম ৰাজ্যৰ শাসনভাৰ তেওঁৰ মন্ত্ৰী বৈদ্যদেৱৰ হাতত সমৰ্পণ কৰে ( V.A. Smith : The Early History of India,pp.413-416). বৈদ্যৰ গৰ এতিয়াও কামৰূপত প্ৰসিদ্ধ।

 এই পালবংশী ৰজাসকল মন্ত্ৰযানী বৌদ্ধ আছিল আৰু তেওঁলোকৰ দিনত বৌদ্ধধৰ্ম্মৰ পুনৰ অভ্যুত্থান হৈছিল। ধৰ্ম্মপাল ৰজাই বিহাৰত বিক্ৰমশিলা নামে বিহাৰ ( বিশ্ব- বিদ্যালয় ) স্থাপন কৰে।

 উদ্ধৃত বাক্যাবলীৰ গৌৰ, কনৌজ আৰু ত্ৰিহুত প্ৰসিদ্ধ ঠাই আৰু সেইবোৰৰ নাম সকলোৱে জানে। বাৰকা ( বৰক ) ত বুদ্ধদেৱৰ ৭৯ বছৰ বয়সত, তেওঁৰ প্ৰধান শিষ্য় শাৰীপুত্ৰৰ নিৰ্ব্বাণত্ব ঘটে। মন্দাৰতলা বা মন্দাৰগিৰি ভাগলপুৰ জিলাৰ অন্তৰ্গত এখন ঠাই। ইয়াত বৌদ্ধমন্দিৰ আছিল। জবই-সাহানৰ পৰিস্থিতি ঠিৰাং হোৱা নাই। গোদন্ত পৰ্ব্বত উত্তৰ গুৱাহাটীৰ; অশ্বক্ৰান্ত: পৰ্ব্বতৰ উত্তৰত থকা সৰু পাহাৰ এখনি॥২॥

 কামৰূপৰ বুৰঞ্জীমতে কলিতা-পণ্ডিতসকল পশ্চিমৰ