পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তাৰ পাছত, ৰজাই মন্ত্ৰীক মতাই আনি পুতেকৰ মুৰটো উলিয়াই দেখুৱালে আৰু মন্ত্ৰীয়ে কি খালে আক পুতেকৰ অপবাধৰ কথা ভাঙ্গি পাতি ক’ই দিলে৷ পাছে মন্ত্ৰীয়ে শোকে বেজাৰে, পতি সংসৰ্গৰ নিমিত্তে প্ৰায়শ্চিত হই, সেই পাপ মোচনৰ অৰ্থে গঙ্গাতীৰলৈ গ’ল৷

 এই তীৰ্থ যাত্ৰা কেবল ছল মাত্ৰ আছিল৷ মন্ত্ৰীয়ে গৌৰ নগৰৰ নবাব হুচেন ছাৰ তালৈ গই মিছামিছিকৈ ৰাজ্যৰ দুৰ্ব্বলতা জনাই, পুত্ৰহণ্ডা নীল’মক প্ৰতিফল দিবৰ নিমিত্তে ভালেমান মুছলমান সেনা লই আহিলগৈ৷ সেই সৈন্যৰে সতে নীলাম্বৰ ৰজাৰ ঘোৰ যুদ্ধ হল৷ বাৰ বছৰ এই ৰণ থাকে, তথাপি মুছলমান বিলাকে কমতা সেনাক পৰাস্ত কৰিব নোৱাৰিলে৷

 পাছে মুছলমান বিলাকে কেতবিলাক দোলাৰ ভিতৰত অস্ত্ৰে সইতে বহুত চিপাহি সুমুৱাই থই নীলাম্বৰ বজালৈ এই বুলি কই পঠালে, বোলে, “এতিয়া আমি ৰণ এৰি ভাটীলৈ যাওঁগৈ, কিন্তু যোৱাৰ আগতে আমাৰ তিৰুতা বিলাকে ৰাণীৰে সইতে চিনা পৰিচয় হব খোজে৷’’

 নীলাম্বৰে এই কথাত মান্তি হোৱাত পাছ দিনা নগৰৰ ভিতৰলৈ দোলা বোৰ আহিবলৈ আজ্ঞা দিয়া হ’ল৷ পাছে যেতিয়া সকলো বিলাক দোলা আহিল তাৰ পৰা অস্ত্ৰধাৰী সৈন্য বিলাক ওলাই একে বাৰে নগৰ অধিকাৰ কৰি ৰজাক বন্দী কৰি পেলালে৷ ৰজাৰ লগে লগে কমতাপুৰ ধ্বংস পালে৷ ১৪২০ শকত কমতাপুৰত মুছলমানৰ জয় পতকা উঠিল৷ বিভীষণৰ দোষত লঙ্কা আৰু ৰাক্ষস বংশ ধ্বংস পোৱাদি, মন্ত্ৰীৰ দোষত কমতাপুৰ আৰু “খেন’ বা ‘‘কমতেশ্বৰ’’ বংশ ধ্বংস পালে৷ ঠিক এই দৰেই