পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
অষ্টম সর্গ।

গুপ্ত প্ৰেম তাৰে সতে দুয়ােৰে আছিলে?
আছিলে কি নন্দ হায়! এনুৱা পপীয়া।
একে কলঙ্কৰে নেকি দুয়াে কলঙ্কিনী?
দুয়ো সখী একে দৰে পাপত মজিলা?
চিৰ পবিত্ৰতা ভৰা কমতা পুৰত ,
কলঙ্কৰ পানী দুয়াে সখীয়ে ঢালিলা?”
“কি কইছা তুমি ৰাজা! দুয়াে সখী বুলি?
একো নুবুজিলোঁ হায়।” গোলাপীয়ে কয়,
মই বাৰু কলঙ্কিনী আৰু কোন সখী
আছে এই নগৰত কলঙ্কিনী হই?
মােৰ সতে ভাল পোৱা আছিলে তেওঁৰ,
গুপ্ত প্ৰেম তেঁৱে সতে আৰু কাৰো নাই!
তােমা দুয়ো সখী বুলি কোৱাঁ কি ভাবত
একো বুজা নাই মই দিয়াঁছোঁ বুজাই।
“কিয় কোৱা মিছা কথা”? বুলিলে ৰজাই
"জানা তুমি সকলোটী নন্দৰ লগত
কুৱৰীৰো গুপ্ত প্ৰেম আছিলে নিশ্চয়
কিয় মিছা কোৱা তুমি মােৰ সন্মুখত?”
“এনুৱা মিছা সন্দেহ কিয় কৰা ৰাজা?”
আচৰিত হই শােকে গোলাপীয়ে কয়:—
“কিহত জানিলা তুমি? কিয় অবিশ্বাস?
সতী পতিব্ৰতা ৰানী, অসতী নহয়॥”
“অসতী নহয়? সখি! অসতী কুঁৱৰী,
প্ৰমাণ দেখালে তুমি পাৰিবা বুজিব,”