পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৶৹

নগৰ স্থাপন কৰিলে। কামৰূপৰ পশ্চিম অঞ্চলত ১২৫০—৬০ শকত এই নগৰ স্থাপন হোৱাৰ অনুমান হয়। নগৰৰ নাম অনুসাৰে নিজে “কমতেশ্বৰ” উপাধি লই সেই ৰজাই আপোনাৰ কুলীয়া "খেন”(১) বিলাক "সচ্ছুদ্ৰ" বা ভাল শুদিৰ বুলি প্ৰকাশ কৰি দিলে। নীলধ্বজৰ পাছত ক্ৰমান্বয়ে চক্ৰধ্বজ আৰু নীলাম্বৰ ৰজা হয়। নীলাম্বৰ ৰজাৰ মন্ত্ৰীজন এজন বামুন। এই নীলাম্বৰে আমাৰ বৰ্তমান কাব্যৰ প্ৰধান নায়ক। এওঁকেই “নিলাম” আৰু কেতিয়াবা "নীল ৰজা" ও বোলে আৰু এওঁৰ কুঁৱৰীয়েই আমাৰ কাব্যৰ প্ৰধান নায়িক। সম্ভৱতঃ ১৩৮৮–৯০ শঁকত নীলাম্বৰ ৰজাই ৰাজত্ব কৰে। এওঁ আহোমৰ “চুচেন্‌ফা” ৰজাৰে সম-সাময়িক ৰজা। এই সময়ত আহোম ৰজাই উজনি খণ্ডত ৰাজত্ব কৰে।

 নীলাম্বৰ ৰজাই তেওঁৰ ৰানীৰ সতে মন্ত্ৰীৰ পুতেকৰ আসক্তি আছিল বুলি সন্দেহ হোৱাত এদিন মন্ত্ৰীৰ পুুুুতেকক ধৰাই বধ কৰালে, আৰু তাৰ মাংস পহুৰ মঙ্গহ বুলি মন্ত্ৰীক খাবলৈ দিলে।


 (১) এই "খেন” বংশৰ বিষয়ে 'গেইট' চাহাবে তেওঁৰ History Assam ত এই দৰে লিখিছে:—

 "To what race the Khens belonged it is impossible to say. The great majority on the m have now been absorded in the ranks of other communities, The few who still retain the tribal names claim to be kayasths, and are said to betray in thei physiognomy a considerable infusion of Aryan blood, but this was probably received after their rise to power and a affords no clue to their origin.
 Gaits "History of Assam" page 41.