পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সমৰ্পণ।
“Dear Mother, let thy tender care
Be graven on my heart.’’
  ⸻Anonymous

   মৰমৰ আইতা,

তোমাৰ স্নেহৰ ইটো নহয় সুজনি;
"কমতাৰ ধ্বংশ” মাথোঁ পুৰণি কালৰ।
আভা মাত্ৰ সোঁৱৰণি। ই যে বনফুল,
তলসৰা ফুলে গথাঁ মালা পলাশৰ;
তোমাক যদিও দিওঁ হাৰ সুবৰ্ণৰ
মণি মুক্তাময় মালা গজ মুকুতাৰ।
ধম ৰত্ন হীৰকাদি, হয় কি সুজনি
বাৎসল্য স্নেহৰ মাতৃ?—স্নেহৰ তোমাৰ?
সকলো কৰিব পাৰে,—শুনা নাই ক'তো
ঋণমুক্ত হয় পুত্ৰ সুজি মাতৃ-ঋণ!
নহয় “কমতা’’ মোৰ নহয় সুজনি,
মাতৃ ভকিতৰ মাথোঁঁ আভা মাত্ৰ চিন॥
সাদৰে হাতত তুলি লোৱা মালাধাৰ,
হৰষিত হ’ব সৰুমইনা তোমাৰ।
    ⸻সৰুমইনা।

   ইতি। ১লা জানুৱাৰী ১৮৯৯।