পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
চতুৰ্থ সৰ্গ।

চিঠিৰ তলত কোৱা, যদি দিব লাগে,
নহলে নিদিওঁ নাম এনেয়ে ৰাখিম৷
নালাগে নিদিবা, সখি! এনেয়েই থোৱাঁ
চিঠিৰ তলত নাম লাগিছে কেলেই?
পোৱা মাত্ৰে চিঠি খনি পাৰিব বুজিব,
মই দিছোঁ বুলি তেঁও জানিব এনেই।”
সখীৰ কথাতে ৰাণী নিলিখিলে নাম,
সামৰি-সূতৰি, দিলে সখীৰ হাতত
লৰালৰি কই চিঠি; চিঠি খনি লই
ওলই আহিলে সখী আনন্দ মনত।


কমতাপুৰ ধ্বংস কাব্য (page 47 crop)
কমতাপুৰ ধ্বংস কাব্য (page 47 crop)

গ—৫