পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় সৰ্গ।
⸺>><<⸺

"Oh I had the wings of a dove
How soon would I taste you again."
                                       —Cowper
  নীৰৱ দুপৰ নিশা, কমতা নগৰ
 নীৰৱতা ভৰা, নাই কাৰো ক'তো মাত,—
 সকলো নীৰল, মাথোঁ নিশাৰ বতাহ,
 এটী দুটী মাজে মাজে লৰাইছে পাত।
 গোটেই নগৰবাসী, কি ৰজা কি প্ৰজা,
 সকলোটী টোপনীৰ কোলাত মগন,
 ৰজাৰ চ’ৰাত মাথো আছে "নিশা-চোৱা”
 ইফাল সিফাল কৰি সাৰেৰে দুজন।
 শোৱনী কোঠাত আজি ৰজাৰে সইতে
 শুই আছে কুঁৱৰীয়ে কোমল শয্যাত।
 কিবা মনোহৰ শোভা, কিবা অপৰূপ,—
 দেবেন্দ্ৰে সইতে শচী যেন অমৰাত।
 অপূৰ্ব্ব সৌন্দৰ্য্য যদি চাব খোজা আজি,
 আমাৰে সইতে তুমি আহাঁ, হে পাঠক।