পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নজনা লৰাই
যদি দুষ্ট কৰে
তুমি নোকোবাবা তাত
আদৰৰ বস্তু
থ’বা আদৰত,
দুখৰ নিদিবা ছাত॥
তুমি দয়াময়
জগতৰ পতি
তুমি ব্ৰহ্মা বিষ্ণু হৰি
তোমাৰ কাষত
ইয়াকে খাটিলো
দুখানি চৰণ ধৰি॥


কমতাপুৰ ধ্বংস কাব্য (page 294 crop)
কমতাপুৰ ধ্বংস কাব্য (page 294 crop)