পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
প্ৰাণৰ জিতেন

কাষত শুৱাব,
দিঙ্গিত সাবতি ধৰি।
কান্দিব খুজিলে
নিচুকাব তাত,
আছে জগতৰ আই।
ভোকৰ বেলিকা
অন্নদা খুৱাব,
দুখ কোনোটিতে নাই।
কিন্তু⸻
যদি কেতিয়াবা
“দে-তা”ক বিচাৰ,
“মা-গ"লৈ মনত পৰে,
ৰাতি সপোনত
আহি দেখা দিবি,
জানো বা হেপাহ পূৰে॥
স্বপ্নত একোলা
ল’ম, সোন কনি!
স্বপ্নতে এচুমা খাম!
এখন্তেক জানো
শান্ত হয়, সোন!
বাপেকী মাকৰ প্ৰাণ!!
হৃদয়ৰ জুই
জানোবা খন্তেক
নজ্বলে নুমাই যায়