পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
ষষ্ঠ সৰ্গ।

আজি দেখি সেই জোন
কিয় প্ৰাণ জ্বলে, হায়।

যদি তেওঁ যাব গুছি,

কিয় ভাল পাইছিলে!
বিৰহৰ জ্বলা জুই
কিয়নো জ্বলাই দিলে?

কি চকুৰে চালো হায়া!

ক’ব যে নোৱাৰোঁ মই,
তেঁওৰ কাৰণে প্ৰাণ
সদাই ব্যাকুল হয়॥

মউ-সনা মনোহৰ

তেঁওৰ লাহৰী কথা
তপত হিয়াত মোৰ
নিতে ঢালিছিল সূধা॥

নিজকে পাহৰি, হায়।

তেওঁকেই পালো ভাল!
ই ভাল পোৱাত কই
নোপোৱা আছিল ভাল