পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
বিৰহিণী বিলাপ কাব্য।
(পুখুৰী)
তোৰ যে পাৰতে বহি

ধৰি কত বিধ ভাও
সাদৰে হাতত ধৰি
কইছিল “ভাল পাও”!

নীল আকাশত জোনে

হাঁহিছিল কত হাঁহি,
হহুৱাই পৰাণৰ
সেই ভেট ফুল পাহি।

নীৰৱে উজ্জ্বল তৰা

চাইছিল জুঁপি জুঁপি
নতুন জোনক বেৰি
জ্বলিছিল থুপি থুপি।

সেই মউ-সনা হাঁহি

আজিওতো সেয়ে আছে
বিৰহত পুৰি মোক
তেওঁ কিয় গ’ল, পাছে?

দুয়োটিয়ে একেথিৰে

চাইছিলো জোন বাই।