পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
বিৰহিনী বিলাপ কাব্য।

সেই দৰে আছে কৰি
ফুলে ফুলনী পোহৰ।
সি দৰে আজিও ৰাতি
হয় দিনৰ পাছত,
এতিয়াও সেই দৰে
সেই মেঘৰ মাজত
চমকি-চমকি নাচে,
সেই বিজুলী ৰঙ্গিণী,
ক’তো নাই জগতত
একো সলনা-সলনি।
এতিয়াও,দেহি ঐ -
আজি সেই একেদৰে
প্ৰকৃতি আইৰ ৰূপে
মন আৰু প্ৰাণ হৰে।
সেই দৰে এতিয়াও
সেই শীতৰ পাছত
বসন্ত উদয় হয়;
সেই গছৰ দালত
‘কুউ-কুউ-কুউ’ কৰি
সেই একে গান গায়;