এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
বিৰহিণী বিলাপ কাব্য।
নেদেখিলো তোৰ মুখ।
বিৰহৰ তিক্ষ্ণ বাণ
নিতউ বিন্ধিছে প্ৰাণ,-
নিতে নিতে অপমান
পাইছোঁ কতনো মই!
সহিছোঁ কতনো দুখ!
ভুগিছোঁ, আৰু ভুগিম,
মৰিলেও নমৰিম,-
জগত ভ্ৰমিম মই
বিচাৰি বিচাৰি তোক।
মনৰ হেপাহ, হায়!
এতিয়াও পূৰা নাই,
প্ৰাণে কৰে ৰাঁই-জাঁই।
সকলো দুৰাশা মিলি
কৰিলে উতলা মোক।
সুখ ঐ -
সকলো ঠাইতে মই
তোতে বিয়াকুল হই,
ধীৰে ধীৰে গই গই,
হলনা কৰিলো কত
ক’তো যে নাপালো তোক!