পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বধ লাগে নদি! ৰ’বাছোঁ খন্তেক

চকুলো এধাৰি নিবা।
যদি ক’ৰবাত পোৱা স্বোৱামীক
তেওঁৰ পাৱতে দিবা॥

নাৰী জনমৰ শেষ উপহাৰ

চকুৰ চকুলো ধাৰি।
লই যোৱা নদি! দিবা স্বোৱামীক,
মাতিছোঁ কাকুতি কৰি॥


কমতাপুৰ ধ্বংস কাব্য (page 238 crop
কমতাপুৰ ধ্বংস কাব্য (page 238 crop