পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
বিৰহিণী বিলাপ কাব্য।

শুনা নাই বহু দিন তেওঁৰ সুস্বৰ।
কিন্তু, মন! কি কাৰণে হইছ কাতৰ।



মুখ যে ইমান মোৰ
ক’লা ম'লা পৰিছে,-
খোৱা নাই মউ চুমা তেওঁৰ মুখত।
তেওঁৰ লগতে, মন।-
আছতো সদাই তই?
কাতৰ হইছ কিয়? - কিহৰ শোকত?



*  *  *
*  *  *
কিন্তু, মন! কান্দ তই
কিনো দুখ পাই?

(চকু)


চকু ঐ!
কিয়নোসদাই চকুলো টোক?
কান্দি কান্দি তই
জীৱন কটালি,
তথাপি নহ’ল কামনা পূৰ?
অক কত দিন
কান্দিবিনো তই
নেদেখি প্ৰাণৰ স্বোৱামী মোৰ?