পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
তৃতীয় সৰ্গ।

শুনি তোৰ কুউ মাত
অন্তৰ জ্বলিছে মোৰ

কোকিলীৰ সুখ দেখি দুখ পাওঁ মই
⸺·×·⸺
(সখীয়তী)
বাঁহ গছে গছে পৰি

“সখি উ! সখি উ!!’ কৰি
মাতা তুমি কোন সখী হেৰা সখীয়তী?
চোৱাঁ কাক চাৰুফালে উলটি পালটি?

হেৰুৱালা কোন সখী

কোৱাঁছোন হেৰা পখি!
নেদেখি কেনুৱা সখী বিচাৰি ফুৰিছা?
কাৰ বিৰহত তুমি জগত ভ্ৰমিছা?

যি সখীৰ বিচ্ছেদত

প্ৰাণ সদা ছট্ ফট্ ‘সখী উ! সখী উ!!’ কৰি কৰিছা ক্ৰন্দন,—
তেওঁ কি তোমাৰ সঁচা বান্ধৱ ৰতন?

তেওঁ কি তোমাৰ, পখী

অতি চেনেহৰ সখী?
মোহিলে তেওঁ কি পখি তোমাৰ হৃদয়?
ভাবি কি তেওঁকে মন বিয়াকুল হয়?