পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৩
দ্বিতীয় সৰ্গ।
১৪
কেচুৱা কালত কান্দোতে-কাটোঁতে

আইৰ কোলাত শুই,
নীলা আকাশত ফেলেক-ফেলেক
হাঁহি যে আছিলি তই!

১৫
নানা কথা কই, ভয় দেখুৱাই,

আয়ে নিচুকাইছিলে,
নাকান্দিবি আক, সৌৱা আকাশত
চাছোঁ ৰঙ্গা জীবা জ্বলে॥

১৬
সেয়া ৰাক্ষসিণী ৰঙ্গাজীবা মেলি

চেলেকি খাইছে পানী!
“নাকান্দিবি আাৰু, নাকান্দিবি, আই।
তোকো লই যাব টানি॥”

১৭
কাঠৰী বিজুলী! জানিলো এতিয়া,

কথাটী মিছা নহয়।
সঁছাকৈয়ে তই সঁছা ৰাক্ষসিণী,
ভালেতো নিৰ্দ্দয়া তই?

১৮
ৰাক্ষসী নহলে নহয় এনুৱা,

এনে দয়ামায়া হীন;