পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৯
দ্বিতীয় সৰ্গ।

নোৱাৰিলে মাত্ৰ তোৰ কোমলাব মন!
কৰিলি দুগুণে মোৰ হৃদয় দহন!!

এতিয়া জানিলো মই,

তৰা! নিৰদয় তই,
শোক সাগৰত মোক দিলি ওপঙ্গাই!
জানিলো, দয়ালু লোক আকাশতো নাই!!

যেই তৰা স্পৰ্শমনি,

সেই তৰ। কলফনি
এনে তৰালই কাৰ ভকতি ওপজে?
এনুৱা তৰাক কোনে তৰা বুলি ভজে?

প্ৰথমতে মন হৰে,

পাছে উপহাস কৰে,
এনুৱা তৰাৰ হাঁহি কোনে হাঁহি বোলে?
এনুৱা হাঁহিত হায়! কাৰ মন ভুলে?

যত দিন জিয়াই থাকিম,

এই শোক সদাই সহিম,
কি দিনত, কি ৰাতিত,
কি শোৱা ধাৰি পাটীত,
হৃদয়ত এই শোক থাকিবই জ্বলি!
ভাল, স্বৰগৰ তৰা! আজি শোক দিলি॥