পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
বিৰহিণী বিলাপ কাব্য।
(তৰা)

কিয়নো হাঁহিছ তই, স্বৰগৰ তৰা
মৃদু মিচিকীয়া হাঁহি?
কিয়নো মাৰিলি ঠাহি
হৃদয়ত শেল মোৰ? কিয় জুই দিলি?
উপহাস তই মোক কিয়নো কৰিলি

অন্তৰত বিহ লই,

মুখ হাঁহিমুৱা কই,
বিদ্ৰুপি হাঁহিলি মোক অনন্দ মনত!
জানিলো আজিহে,—দুষ্ট থাকে স্বৰগত!
মোৰ এই বুকু হায়!
বিৰহ যাতনা পাই
কি ৰাতি কি দিন চকু-পানীৰে তিতিছে।
মোৰ দুখ দেখি আজি জগতে কান্দিছে!!

চকুৰ পানীৰে মোৰ

বুৰাইছোঁ খাল খোৰ,
কিন্তু হায় তৰা। তই বিদ্ৰূপি হাঁহিছ!
মাৰি মিচিকিয়া হাঁহি ৰঙ্গেৰে চাইছ!!

মোৰ এই চকুপানী

কোমলালে টান মাটি,