পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৬
বিৰহিণী বিলাপ কাব্য।

তুমি পাত্-পাত্ কৰি
ত্ৰিজগত আছা ঘুৰি,
দেখিছা সকলো ঠাই, জগতৰ প্ৰাণী,

নাপালানে দেখা দেব!—ক’তো মোৰ স্বামী?
⸺·×·⸺
(চন্দ্ৰ)
সুধাকৰ! লোকে কয় তোমাৰ কিৰণ

পৰাণ-শীতল-কাৰী, শাঁত কৰে মন।

লোকে কয়,—তুমি বৰ

শান্তি দাতা, মনোহৰ,
প্ৰেমিক-প্ৰেমিকা নাচে তোমাক দেখিলে;—
কোৱাঁ দেৱ! কোৱাঁ মোৰ প্ৰাণ কিয় জ্বলে?

যদি আনে পায় সুখ,

মই কিয় পাওঁ দুখ?
কিয় কান্দে প্ৰাণ মোৰ দেখি তযু মুখ?
তোমাৰ হাঁহিত মই কিয় পাওঁ দুখ?

লোকে কয়,—তুমি বৰ

নিষ্কলঙ্ক, সুধাকৰ!—