পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম সৰ্গ।
নতুন তিৰুতা পাই মোৰ স্বামী

নতুন প্ৰেমৰ ভুঞ্জিছে সুখ।
কিন্তু যে অভাগী কান্দিছোঁ বাগৰি
নেদেখি স্বামীৰ সুন্দৰ মুখ॥

নিয়াঁ শোলোকাই কানৰ থুৰিয়া

নিয়াঁ শোলোকাই হাতৰ খাৰু;
মণি বিৰি মোৰ নিয়াঁ শোলোকাই
অলঙ্কাৰ সখি! নিপিন্ধোঁ আৰু॥

যদি বা দাসীক ত্যজিলে স্বামীয়ে

কিনো কাম আছে লাহত মোৰ?
কপালৰ ফোঁট দিয়াঁ মছি সখি!
জন্মিছে মনত কেলেশ ঘোৰ॥

লই যোৱাঁ মোৰ ধন অলঙ্কাৰ,

নইৰ সোতত দিয়াঁ উটাই।
নালাগে নিপিন্ধো আৰু সাজ-পাৰ
লাহ-বিলাহত সকাম নাই॥

⸺÷♦÷⸺


(ঙ)

দিন গ’ল, সন্ধ্যা হ’ল,
লাহে লাহে পখী গ’ল,