পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্রয়ােদশ সর্গ।

⸺<>⸺

She, with all a monarch's pride
Felt them in her bosom głow,
Rushed to battle, fought and
* * hurled them at the foe.
Ruffians, pitiless as proud
Heaven awards the vengeance due;
* * * * * *
Shame and ruin wait for you
                                   ⸻Cowper.

  পঞ্চমী তিথি আজি সৰস্বতী পূজা
 কমতা পুৰৰ ৰজা প্রজাৰ ঘৰত,
 বহু হাবিয়াস কৰি পূজিছে আইক
 সাদৰী ৰাণীয়ে কত ভকতি মনত।
 ভাৰতীৰ পূজা আজি, দিন আনন্দৰ।
 কোনাে খেলে দবা ‘পাশা কোনাে খেলে কড়ি’;
 কোনােৱে বাইছে বীন (অতি চেনেহৰ
 আইৰ বজোৱা যন্ত্র) উলাহেৰে ধৰি।
 ৰজাৰ চৰাত আজি বহু মানুহৰ
 সমাগম ভাৰতীৰ পূজা চাবলই;
 ভৰাই ভক্তি ফুলেৰে হৃদয়ৰ তোড়া
 আইৰ পাৱত দিছে হাবিয়াস কই।