পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
নৱম সর্গ।

(কমতাৰ ৰাজ লক্ষ্মী পালেহি কমতা)।
গােলাপীৰ মাক আহি এনে সময়তে
শুধিলে ৰাণীক,“আই! আই মােৰ ক’তা?
তােমা স’তে গইছিলে বনলই আই,
উলটি আহিলা তুমি, আই কিয় লই?
আই নেদেখি মােৰ বিয়াকুল হিয়া ;
কোৱা আই! আই কিয় অহা নাইকিয়া?"
সখীৰ মাক দেখি এনে বিয়াকুল,
চকুপানী টুকি ৰাণী কান্দিব ধৰিলে;
মাঘৰ মাহত যেনে টোপা নিয়ঁৰৰ,
চকুপানী টোপাটোপে সি দৰে পৰিলে।
ধীৰে ধীৰে ক'লে ৰজা,—'নাকান্দিবা আই।”
তােমাৰ গােলাপী আৰু জগতত নাই।
প্রণয়ত লাগি হায়! তিয়াগি সংসাৰ
নন্দই সইতে গ'ল গােলাপী তােমাৰ।
এই বুলি আদি অন্ত কলে সকলোটী।
বিমুৰ্চ্ছিত হই বুৰী পৰে ধাল খাই।
নাই মাত, নাই বােল, নাই কাটি কুটা;
প্রাণপখী উৰি হায় গলগৈ পলায়!
তিয়াগিলে পুত্রশােকে প্রাণ দশৰথ;
জীয়েকৰ শোকে এৰে বুৰীয়ে পৰাণ।
চেঁছা পানী কুৱৰীয়ে দিলে ঢালি ঢালি,
নামাতিলে আৰু বুঢ়ী হেৰুৱালে প্রাণ।

কমতাপুৰ ধ্বংস কাব্য (page 107 crop)
কমতাপুৰ ধ্বংস কাব্য (page 107 crop)