পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
নৱম সৰ্গ।

কুউৰ সুৰত সুৰ মিলাই মিলাই;
কত গীত গাই বহোঁ গছৰ ছঁয়াত
বুৰী বামে সতে কৰোঁ মণ প্ৰাণ শাঁত
চিৰ্‌ চিৰ্‌ চিৰ্‌ কৰি বয় সৰু জান,
শীতল বতাহ বলে বিৱ ৰিৱ কৰি;
ৰঙ্গা বগা ভেট ফুলে কত কোৰোকত
মনোহৰ কত ফুল দাল ভৰি ভৰি।
কত গছে কেউ ফালে ফেৰ মেলি মেলি,
ঘৰ যেন ছঁয়া দিছে পেলাই তলত!
তাত বহি যেনে সুখ, পাবনে কি না?
তেনে সুখ নগৰৰ সুন্দৰ ঘৰত?
ঠায়ে ঠায়ে কত গছ খৰিছে মেৰাই
দালপাত নাইকিয়া আকাশী লতাই;
ঘৰৰ চালত যেন উজ্জল আনন্দৰ
মেৰাই থইছে বহু শিকলি সোণৰ।
গছতেই গছ গজি, কত ফুলি ফুল
কৰিছে বনৰ শোভা সুন্দৰ অতুল।
তল ভৰি ভৰি সৰে ৰূপহী মদাৰ
গুছাই বনৰ নাথ। দোৰ্ঘোৰ এন্ধাৰ।
গোন্ধত আমোল-মোল মাধই ফুলিছে;
হিতেশা লতাই কত জোপা মৰাইছে;
নাই পাত, নাই ফুল, মাথোঁ ঠাৰি দালি,
বতাহত কেউ ফালে থাকে হালি-জালি।
কতদিন বহি বহি অউৰ (১) তলত

(১) অউৰ—ঔৰ অৰ্থাৎ ঔ টেঙ্গাগছৰ।