কবিতা আৰু দৰ্শন হৃদয়ৰ পৰা তেওঁৰ সম্পূৰ্ণ অনুভূতি ফাটি ওলাব খুজিছিল, -- "তেওঁৰ মুখ শেঁতা পৰিছিল, লাজত চকুদুটি যুবতীৰ দৰে চলচলীয়া হৈছিল আৰু তেওঁৰ কিঞ্চিং যৌবনসুলভ দেহটি বীণা এখনিৰ শেষ তানত তাঁৰ চিগিব খোজাৰ নিচিন৷ হৈ দেখা দিছিল। ... কবি শেখৰে কবিতা পাঠ কৰা শেষ হোৱাৰ লগে-লগে শ্ৰোতাসকলৰ চকুত চকু পানীৰে চল-চলিয়া হৈ পৰিছিল আৰু যেন শিলৰ দেৱালবিলাকৰ পৰা তেওঁৰ জয়-গৌৰব প্ৰতিধ্বনিত হৈছিল। প্ৰকৃত সঙ্গীতৰ প্ৰভাবত আৰুভূমিত অমৃতৰ ধাৰা প্ৰবাহিত হয়, শিল গলি যান, আৰু গোটেই পৃথিবী জানন্দত আত্মাৰা হৈ নাচিবলৈ ধৰে। কবিয়ে ঈশ্বৰক সৌন্দৰ্য্যৰ জীৱনী-শক্তি হিচাপে পূজা কৰে, আন তাতে দাৰ্শনিকে ঈশ্বৰক আদৰ্শ শক্তি হিচাপে ভক্তি কৰে। দৰ্শন সতাৰ মন্দিৰ, ইফালে কবিতা সৌন্দণাৰ নিদৰ্শন। কবিতা আৰু দশন বিভিন্ন হব নোৱাৰে, কাৰণ 'সত্যই সুন্দৰ, আৰু সুন্দৰেই সত্তা' ১। দৰ্শনে মানব-বৃন্দক 'বিজ্ঞ জগতত্ত্ব' বিষয়ে কয় আৰু কবিতাই সুন্দৰ জগতৰ বিষয়ে বিবৰণ দিনে। বিশৃঙ্খলতা আৰু বিবেক-হীনতা দশনে সা কৰিব নোৱাৰে, জানাতে, কবিতাই প্ৰকৃতিৰ বা সমাজৰ কদৰ্য্যতা আৰু বিৰক্তিক গ্ৰহণ নকৰে। ইংৰাজ কৰি ৱাৰ্ড ছৱাৰ্থে, বিশ্লেষণ কৰি দেখুৱাইছে যে শোক—শোক নহয়, কিন্তু ই পৰম আনন্দ জগৎ প্ৰেমময়। কবিতাই আত্মাক জগতৰ লগত সম্বদ্ধ কৰি ৰাখে আৰু মানববৃন্দৰ পুথিৰাত বাস কৰিবলৈ হেপাহ জন্মাই দিয়ে। দাৰ্শনিকসকলে যি হাসা বা দুচকুৰে দেখে তাক কবিয়ে কবিতাৰে মাল৷ গাখি পুনৰ গঢ়ি তোলে। কবিতাত দৰ্শন নিহিত আছে। Truth is Beauty and Beauty is Truth.
পৃষ্ঠা:কবিতা আৰু দৰ্শন.pdf/১৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikisource/as/thumb/f/f2/%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE_%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%A6%E0%A7%B0%E0%A7%8D%E0%A6%B6%E0%A6%A8.pdf/page14-687px-%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE_%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%A6%E0%A7%B0%E0%A7%8D%E0%A6%B6%E0%A6%A8.pdf.jpg)