পৃষ্ঠা:কবিতা-কুসুম.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা-কুসুম ওলাল কোমল পাত সকলো গছৰ; চৰায়ে গাইছে কেনে সুললিত স্বৰ। দেখিছানে আম জুপি আছে কেনে ফুলি; মাজে মাজে পেলাইছে থুপি থুপি কলি। গছলতা ফুলবোৰ এতিয়া ফুলিছে; শুৱনী ফুলেৰে গছ উপছি পৰিছে। চোৱাচোন গছবোৰ কেনেনো শুৱনী; হইছে বসন্তকালে আপোনা আপুনি। বসন্তৰ লগে লগে শোভা নাশ পায়; ৰাখিব নোৱাৰি তাক যেতিয়াহে যায়। এই দৰে মিছাতেই লৰা-কাল গলে; কোনেও নেপায় ভাল বুঢ়া-কাল হলে।