পৃষ্ঠা:কবিতা-কুসুম.pdf/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা-কুসুম ি খুপি থুপি কৰি কিয় ফুলিছ। গছত। ফুলিছ মিছাতে হায় তুমি অবাৱত। নহতু তোমাৰ গুণ ৰূপে কি কৰিব, গুণৰ বলতে পাৰি জগত মুহিব। শুৱনী হলেই কেৱে নকৰে আদৰ, গুণ থাকিলেহে লোকে কৰে সমাদৰ। অনেকে কুৰূপ হয়ো গুগৰ বলত, য'তে ত'তে মান পায় এই জগতত।