পৃষ্ঠা:কবিতা-কুসুম.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
কবিতা-কুসুম।

মনিক তেতিয়া ধৰি ফাটকলৈ নিল।
সিদিনাৰে পৰা খঙ্ তেনেই গুছিলে॥
খঙৰ হেতুকে চোৱাঁ কেনে দশা হল।
ফাটকতে বপুৰাৰ প্ৰাণটিও গল॥
হেন জানি হেৰা লৰা! ৰাখিব৷ মনত।
নকৰিবা খঙ তুমি কাৰে৷ ওপৰত॥

১৩—মদাৰ ফুল।

মদাৰ ফুল দেখা
   কেনে বিতোপন,
নেযায় তথাপি তাক
   পিন্ধিবৰ মন।
ৰাঙলী বৰণে গছ
   থাকে শোভা কৰি,
নলয় তথাপি কেৱে
   যায় পচি সৰি।