পৃষ্ঠা:কবিতা-কুসুম.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা-কুসুম। ধেমালিতো কেতিয়াও মিছ| নেমাতিবা। কনা, কুঁজা, খোঁড়া দেখি কাকো নেহাঁহিবা॥ কোনোৱে হুধিলে কথা ঠিক কৰি কৰা। ভেঙচালি কৰি তাক তুমি নেহাঁহিবা। পিতা মাতা আদি কৰি যত গুৰুজন। কৰিবা ভকতি নিতে হই একমন॥ শিক্ষকৰ উপদেশ সততে ধৰিব! | সঙ্গ কাম কৰিবলৈ হেলা নকৰিবা। নেথাকিবা গপ্‌মাৰি গঙাটোপ হই। নকৰিবা খঙ কাকো মিছা মিছি কই॥ সাপক দেখিলে ভয় কৰা যেনে কই। ভাতোকই ভয় কৰা বেয়া লৰা লই দুখীয়াৰ দুখ দেখি কৰিবা পুতউ। পবিত্ৰ ভাৱত মন ৰাখিবা নিউ সুখেৰে থাকিব যদি খোজাঁ সংসাৰত। ৰাৰ্থী এই উপদেশ সদায় মনত॥