এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কবিতা-কুসুম।
১—উপদেশ
নেথাকিবা শুই বোপা হলে ৰাতিপুৱা।
ৰাতিপুৱা শোৱে যিটো হয় এলেহুৱা।
এলেহুৱা লোকে বোপা বহু দুখ পায়।
মানৱ জীৱন তাৰ বিফলে কটায়॥
পুৱাতে চৰাইবোৰে কেনে ৰঙ মনে।
গছৰ ডালত পৰি মাতে ঘনে ঘনে॥
তুমিও পুৱাতে উঠি সিহঁতৰ দৰে।
আপোন পাঠত মন দিবা যতনেৰে।
ধেমালিত কেতিয়াও নকটাবা কাল।
নেপাবা উলতি আৰু গলে লৰাকাল |
নহবা নহবা কৰাচিতো মিছলীয়া।
নকবা নকৰা কাকো কথা দুতলীয়া॥