পৃষ্ঠা:কনফুচিয়াছ.djvu/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
কনফুচিয়াছ

অশৌচ পালন কৰিছিল। অনুগত শিষ্যসকলৰ কিছুমানে কনফুচিয়াছৰ কবৰৰ ওচৰতে সৰু সৰু পঁজা সাজি লৈ কনফুচিয়াহৰ বাণী লিপিবদ্ধ কৰিছিল আৰু গুৰুৰ পৰা পোৱা শিক্ষা চৰ্চ্চা কৰি লোকক অধ্যাপনা কৰি দিন নিয়াইছিল।

 মহামতি কনফুচিয়াছে প্ৰায় আঢ়ৈহাজাৰ বছৰৰ আগতে এই জগতৰ পৰা মেলানি মাগিলে। কিন্তু অশৰীৰী কনফুচিয়াছ যুগ যুগ ধৰি চীনদেশৰ ঘৰে ঘৰে সজীৱ হৈ আছে। চীনৰ সাংস্কৃতিক জীৱনৰ মূলত ব্যৱহাৰিক দৃষ্টিভঙ্গীৰ যি বীজ কনফুচিয়াছে ৰোপণ কৰিছিল সি অঙ্কুৰিত হৈ মহাবৃক্ষত পৰিণত হৈছে আৰু চীনৰ সাহিত্য, সমাজ, দৰ্শন, ধৰ্ম্ম, নৈতিকতা, শিল্প, ভাস্কৰ্য্য সকলোকে এই মহাবৃক্ষৰ শীতল ছাঁই আবৰি পেলাইছে। কনফুচিয়াছে প্ৰবৰ্ত্তন কৰা ব্যৱহাৰিক দৃষ্টি চীনৰ জনসাধাৰণৰ জীৱনগতিৰ নিয়ামক হিচাবেই প্ৰভাব বিস্তাৰ কৰি আহিছে। কনফুচিয়াছৰ দৰ্শন আৰু প্ৰবচন গোটই জগতৰে আদৰৰ বস্তু।