পৃষ্ঠা:কনফুচিয়াছ.djvu/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
কনফুচিয়াছ

নাই তাক কেনেকৈ জানিব? মানুহে সৎজীৱন যাপন কৰিবলৈ কি কৰিব লাগে?”

 কনফুচিয়াছে উত্তৰ দিলে— “ন্যায়পৰায়ণ হবি, পোৱা বস্তুত সন্তুষ্ট থাকিবি, সকলোকে ভাল পাবলৈ শিকিবি, প্ৰেমৰ অনুশীলন কৰিবি, কলাবিদ্যাৰ চৰ্চ্চা কৰিবি। এইমতে চলিলে মানুহে সৎজীৱন নিয়াৰ পাৰে। এয়ে সজ-জীৱনৰ উপায়।”

 যদিও কেইহে পঢ়াশুনা যথেষ্ট কৰিছিল তথাপি বুঢ়া ককাদেউতাকৰ কথাখিনি লগে লগে ভালকৈ বুজি নাপালে আৰু বুজিবলৈ চেষ্টা কৰি লাহে লাহে আবৃত্তি কৰিবলৈ ধৰিলে— ন্যায়পৰায়ণতা, সন্তুষ্টি, প্ৰেম, কলাবিদ্যাৰ চৰ্চ্চা।

 কেইহে বাৰে বাৰে আবৃত্তি কৰি থকা দেখি কনফুচিয়াছে কলে— “এৰা এই কথাকেইটা দকৈ চিন্তা কৰিবি। বাছা, এতিয়া যা, মই অলপ কাম কৰো।” কেইহ সেই কথাকেইটা আওৰাই আওৰাই ওলাই গ’ল আৰু বুঢ়া লিখাত লাগিল।

 কনফুচিয়াছে কিন্তু আৰু সৰহদিন কাম কৰিব নাপালে। খৃঃ পূঃ ৪৭৮ চনত দাৰ্শনিক, শিক্ষক, ৰাজনীতিজ্ঞ আৰু ঋষি কনফুচিয়াছে ৭৩ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে।

 কনফুচিয়াছৰ মৃত্যুৰ বাতৰি গোটই চীনসাম্ৰাজ্যতে বিষাদৰ ছাঁ পেলালে। যিবিলাক ৰজা বা শাসকসকলে জীবিত কালত কনফুচিয়াছৰ অনুৰোধ, উপদেশ উপেক্ষা কৰি অবজ্ঞা কৰিছিল সেই সকলেও এই মহৰ্ষিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিবলৈ লু ভৰি পৰিল। কনফুচিয়াছৰ মৃত্যুত শিষ্যসকলে সুদীৰ্ঘ তিনিবছৰ